মোৰ বুকুত এজোপা গোলাপ | Mor Bukut Ajopa Golap – Lyrics

মোৰ বুকুত এজোপা গোলাপ
Mor Bukut Ajopa Golap
অসমীয়া গান
গীতিকাৰ-হীৰেণ ভট্টাচাৰ্য্য
কণ্ঠ-শ্ৰেয়া ঘোষাল



মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে
এন্ধাৰে-এন্ধাৰে
এন্ধাৰে-এন্ধাৰে
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে।
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে-এন্ধাৰে
এন্ধাৰে-এন্ধাৰে।
মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে
মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে
তেজত এটোপাল অাতৰ ঢালি
হৃদয় কোনে চুলে
মোৰ বুকুত এজোপা গোলাপ
কোনে ৰুলে কোনে ৰুলে।
তোমাৰ কথা ভাবিলে
অকলে-অকলে
তৰাই-তৰাই কথা পাতে
গোলাপৰ পাহে পাহে
জোনাকিৰ জাক জ্বলে
মোৰ তেজৰ কোঁহে-কোঁহে।
এন্ধাৰে-এন্ধাৰে
এন্ধাৰে-এন্ধাৰে।
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে
ও ও তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে
এন্ধাৰে এন্ধাৰে।
এটি জোনাকী উৰি আহি
মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে
এন্ধাৰে এন্ধাৰে এন্ধাৰে।

Popular Lyrics:  আর যাই করো প্রেম অবহেলা করো না Lyrics | Ar Jai Koro Prem Obohela Koro Na Lyrics

Leave a Comment