ভৰিৰ তলুৱাৰ পৰা | Bharibo Taluar Pora | অসমীয়া গীত | Assamese Song

ভৰিৰ তলুৱাৰ পৰা
Bharibo Taluar Pora
অসমীয়া গীত (Assamese Song)
কথাছবি: ধৰ্মকাই (1977)
কথা: ড. ভূপেন হাজৰিকা
সংগীত: জয়ন্ত হাজৰিকা
কণ্ঠ: জয়ন্ত হাজৰিকা

ভৰিৰ তলুৱাৰ পৰা

ভৰিৰ তলুৱাৰ পৰা
যদি ধৰাখন
খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে
বান্ধ’ পুনৰ গঢ়িবা তুমি।
যদি পৰিয়ালে তোমাক সঙ্গ এৰে
তুমি অকলশৰীয়া হোৱা
যদি সৎ কাম কৰি কৰি
সংসাৰ সজালেও
অপযশ পদে পদে পোৱা
পুনৰ সজাবা তুমি হে
বান্ধ’ পুনৰ সজাবা তুমি।
শান্তিক কৰি লোৱা তোমাৰ গৃহিণী
ধৈৰ্য্য হ’ব লাগে পিতৃ
দয়া হ’ব লাগে মৰমী ভগিনী
ক্ষমা হ’ব লাগে ভাতৃ
আশা হ’ব লাগে তোমাৰ সহোদৰ
সংগ্রাম হ’ব গৈ মাতৃ।
যদি বিছনাৰ অভাৱত
আকাশৰ তলতে
বাগৰি পৰিব লাগে
যদি পোছাকৰ অভাৱত
সময়ৰ ৰঙকে
মেৰিয়াই ল’বই লাগে
তাকেই কৰিবা তুমি হাঁহিমুখে
তাকেই কৰিবা তুমি।
ভৰিৰ তলুৱাৰ পৰা
যদি ধৰাখন
খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে
বান্ধ’ পুনৰ গঢ়িবা তুমি।

 

Bharibo Taluar Pora

Bangla Translation

পায়ের তলা থেকে
যদি ক্যাচটা হয়
মনে হচ্ছে যেন ধসে পড়ছে
তিল তিল কৈ যদি
নিজের বাড়িতে
কারো দোষে শেয়ার করুন
তুমিই আবার তৈরি করবে
বন্ধু তুমি নতুন করে গড়ে তুলবে।
যদি পরিবার তোমাকে সঙ্গ ছেড়ে চলে যায়
তোমার একা থাকা উচিত
সৎ কাজ করলে
সংসার সাজালেও
প্রতিটি ধাপে ধাপে এটা পাবেন।
তুমিই আবার সাজাবে
আবার সাজাবি বন্ধু।
শান্তিকে আপনার স্ত্রী করুন
ধৈর্য থাকতে হবে বাবা
দয়া থাকা উচিত প্রিয় বোন
ক্ষমা হ’ব লাগে ভাতৃ
আশা তোমার সহোদর হওয়া উচিত
সংগ্রাম মা হতে চলেছে।
যদি বিছানার অভাব হয়
আকাশের নিচে
গড়িয়ে পড়া উচিত
জামাকাপড়ের অভাব হলে
সময়ের রঙে
আবশ্যক আবশ্যক
তুমি হাসিমুখে এটাই করো
তুমি এটাই করবে।
পায়ের তলা থেকে
যদি ক্যাচটা হয়
মনে হচ্ছে যেন ধসে পড়ছে
তিল তিল কৈ যদি
নিজের বাড়িতে
কারো দোষে শেয়ার করুন
তুমিই আবার তৈরি করবে
বন্ধু তুমি নতুন করে গড়ে তুলবে।
জনপ্রিয় লিরিক্স:  রূপ তেরা মাস্তানা প্যায়ার মেরা দীবানা | रूप तेरा मस्ताना प्यार मेरा दीवाना | Roop Tera Mastana Pyar Mera Deewaana | Key Lyrics

Leave a Comment