গংগা মোৰ মা – Ganga Mor Ma | Song Lyrics

গংগা মোৰ মা
Ganga Mor Ma
অসমিয়া গান (औशोमिया Assamese)
কথা: শিৱদাস বন্দোপধ্যায়
সুৰ আৰু কন্ঠ: ড. ভূপেন হাজৰিকা
[গংগা মোৰ মা
পদ্মা মোৰ মা
মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা]-২
একে আকাশ একে বতাহ
দুই কলিজাত একে উশাহ
[দুটি চৰাইৰ দুটি মাতত]-২
একেই মুৰ্ছনা একেই মুৰ্ছনা
অ’মোৰ চকুৰোৰে দুটি ধাৰা
মেঘনা যমুনা।
ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো
লুইততে নাও মেলিও পদ্মাৰ
ভাটিয়ালী ৰচো
ৰাজহংস পাখি মেলি
দুই নদীতে নাচো
ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো।
একে প্ৰেম একে আশা
কান্দোন হাঁহিৰ একে ভাষা
[সুখ দুখৰ বুকুৰ মাজত]-২
একে যন্ত্ৰণা একে যন্ত্ৰণা
অ’ মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা।

Popular Lyrics:  দিন যায় কথা থাকে | Din Jay Kotha Thake Lyrics

Leave a Comment