অপৰূপা অপৰূপা || অসমীয়া গীত

অপৰূপা অপৰূপা
অসমীয়া গীত
ছবি : অপৰূপা (১৯৮২)
সংগীত : ড° ভূপেন হাজাৰিকা
কন্ঠ : ঊষা মঙ্গেশকাৰ

অপৰূপা ! অপৰূপা !
অসীমৰ নীল নভত।।
তুমি এক বিন্দু অনন্ত।
অপৰূপা !
তুমি মুক্তা,তুমি মুক্তা
অনুভৱ জানো তুমি কৰা নাই !
অপৰূপা ! অপৰূপা !

মকৰা জালৰ ভাঙিলা সজা
পাতলালাঁ তুমি দুখৰ বোজা
পলাতকা হৈ এতিয়া কিয়নো।।
বিহঙ্গ হ’ব খোজা।।
মাটিৰ মধু জানো দেখা নাই।
অপৰূপা ! অপৰূপা !

তোমাৰ হাতৰ মুঠিতে আছে,
তোমাৰ জীৱন ৰথ।।
ভাঙিব পাৰাঁ,গঢ়িব পাৰাঁ।।
তোমাৰেই নিজা পথ
তোমাৰ যুক্তি হেৰুৱা নাই
অপৰূপা ! অপৰূপা !
অপৰূপা ! অপৰূপা !

Popular Lyrics:  আরে চল গরি, লে যাব তোকে | Are Chol Gori Le Jabo Toke | Come fair lady,I’ll take you | Key Lyrics

Leave a Comment